از برنامه APKPure استفاده کنید
نسخه قدیمی APK সুষম (XUXAM) را برای اندروید بگیرید
অসমীয়া যুক্তাক্ষৰত সোমাই থকা "র" আৰু কিছুমান আন খেলি-মেলি আঁতৰ কৰিব পৰা সঁজুলি৷
সুষম কোনো ইউনিক'ডত অসমীয়া লেখা সঁজুলি নহয়। সুষমৰ জৰিয়তে ইউনিক'ডত অসমীয়া লিখিব পৰা নাযায়৷ সুষম হৈছে এটা সঁজুলি যাৰ জৰিয়তে অসমীয়া ইউনিক'ডত লিখা লেখা সমূহত থকা বিভিন্ন খেলি-মেলি বিলাক আঁতৰ কৰি লেখাবোৰক এটা সুষম অৱস্থালৈ নিব পৰা যায়। সাধাৰণতে আমি ব্যৱহাৰ কৰি থকা অসমীয়া লিখন সঁজুলি সমূহে প্ৰত্যেকেই ভিন্ন-ভিন্ন প্ৰক্ৰিয়াৰে কাম কৰে আৰু এই বিভিন্ন সঁজুলি বিলাকৰ নিজৰ-নিজৰ বেলেগ-বেলেগ বৈশিষ্টৰ কাৰণে অসমীয়া লেখাবিলাকত বিভিন্ন (লিখকৰ অলক্ষিতে) খেলি মেলি ৰৈ যায়৷ এনেধৰণৰ খেলি-মেলি বিলাকৰ কাৰণে অসমীয়া লেখা সমূহ ভাগ-ভাগ হৈ পৰিছে৷
বহু ক্ষেত্ৰত দেখা যায় যে ইউনিক'ড পদ্ধতি ব্যৱহাৰ কৰি লিখা অসমীয়া লেখাত "ৰ" সংযুক্ত থকা যুক্তাক্ষৰত ব্যৱহাৰ কৰা "ৰ" টো অসমীয়া "ৰ" নকৰি বঙালী "র" ব্যৱহাৰ কৰা হয়৷ যেনে "প্ৰ" লিখিবৰ কাৰণে "প + ৰ" ব্যৱহাৰ কৰিও লিখিব পাৰি আৰু "প + র" ব্যৱহাৰ কৰিও লিখিব পাৰি৷ বহু বঙালী মূলৰ চফ্টৱেৰে জোৰ-আকাৰে (Link) দিব লগীয়া 'ৰ' টো বঙালী 'র' বহুৱাই দিয়ে যিহেতু সেই 'র' টো দেখা পোৱা নাযায় কিন্তু যুক্তাক্ষৰটো ঠিকেই দেখা পোৱা যায়৷ ইয়াৰ উপৰিও "ড়", "ঢ়", "য়" আখৰ কেইটাৰ ক্ষেত্ৰত কিছুমান খেলিমেলি ৰৈ যায় যিটো সাধাৰণ লিখোঁতা জনৰ চকুত নপৰে বা ধৰা নিদিয়ে৷ ঠিক সেইদৰে লিখিবলৈ ব্যৱহাৰ কৰা চফ্টৱেৰৰ ওপৰত ভিত্তি কৰি "ো" আৰু "ৌ" লিখোঁতে ইয়াৰ গঠন ভিন্ন চফ্টৱেৰৰ বেলেগ-বেলেগ হোৱা দেখা যায়৷
ওপৰোক্ত সমস্যা বিলাকৰ বাবে অসমীয়া ইউনিকোড লেখাসমূহ ভাগ-ভাগ হৈ পৰিছে আৰু যাৰ ফলত ইণ্টাৰনেটত চাৰ্ছ-ইঞ্জিনত (Search-engine) কোনো তথ্য বিচাৰিলে সকলো বিলাক তথ্য বিচাৰি পোৱা নাযায়৷ বহু ক্ষেত্ৰত কিছু অসমীয়া লেখা ইণ্টাৰনেট চাৰ্ছ-ইঞ্জিন (Search-engine) বিলাকে বঙালী তালিকাৰ অন্তৰ্ভুক্ত কৰা দেখা যায়৷
সুষম হৈছে ইউনিক'ড পদ্ধতিৰ বিভিন্ন লিখন সঁজুলিৰে লেখা অসমীয়া লেখাবিলাকত থকা ওপৰোক্ত খেলি-মেলি বিলাক আঁতৰাই অসমীয়া লেখাক এক সুষম আৰু সম্পূৰ্ণ অসমীয়া পৰ্য্যায়লৈ নিব পৰা এটা অতিকে সহজ সঁজুলি৷
আহক আমি অসমীয়া ইউনিক'ড লেখাবোৰ বঙালী "র" মুক্ত কৰোঁ৷
Last updated on 25/09/2015
Minor bug fixes and improvements. Install or update to the newest version to check it out!
بارگذاری شده توسط
Emran Khan
نیاز به اندروید
Android 1.6+
دسته بندی
گزارش
সুষম (XUXAM)
' platformBuildVersionName= by TRIDIP KUMAR BARUAH
25/09/2015